
জ্যোতি সংগীতা দত্ত, উপ-প্ৰৱন্ধক, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড
সমুখত, ধূসৰ বাসন্তী দিন
বীজগণিতৰ সূত্ৰতে থাকি আহিল
অজটিল সময়।
এতিয়া,
ব্যস্ততাৰ আচিলাত
নিজলৈকে শতিকাজোৰা বাট ।
বাহিৰত,
মোহাচ্চন্ন মানুহৰ নিৰুদ্বেগ সমদল
সাধুকথাৰ দিনবোৰতো উভটনিৰ ঠিকনা নাছিল,
হয়তো নাছিল হেৰাই যোৱাৰ খতিয়ান।
0 comments