
মমী বড়াৰ কবিতা, গুৱাহাটী
পশ্চিমৰ আকাশত ধোঁৱাই আৱৰি ধৰা দিনাই,
আইৰ ভেটিটো কঁপি উঠিছিল। ১
চিপৰাঙেৰে সিন্ধি খানি দস্যুবোৰ বৰঘৰত সোমাই অহাৰ দিনাই
আকাশৰ নক্ষত্ৰবোৰ খহি পৰি,
পপীয়াতৰাৰ দৰে হেৰাই গৈছিল।
ৰাজনীতিৰ পাশাখেলত দিগ্বিদিগ হেৰুৱাই,
নিজৰ সপোনবোৰ কবৰ দি
সিহঁতি এটা মৰীচিকাৰ পাছে পাছে দৌৰিছিল।
এতিয়া মৰিশালিত উচুপি উঠে
হাজাৰ হাজাৰ সপোন,
সিহঁতৰ জীৱাশ্মৰ ওপৰত শগুনবোৰে
ক্ষমতাৰ বাবে টনা-আঁজোৰা কৰে।
আধাপোৰা মাংস আৰু তেজৰ গোন্ধত
বলিয়া হৈ পৰা শগুনবোৰে,
চিনি নাপায় ধর্ষিতা ভগ্নীক,
চিনি নাপায় মূৰৰ ওপৰৰ চালখন হেৰুৱাই
হাহাকাৰ কৰা ভ্রাতৃক।
শগুনক মাথোঁ লাগে ৰজা হ'বলৈ
মৰাশৰ ওপৰত মেলা পাতিবলৈ।
©মমী বড়া
0 comments